বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন বৰ্তমান তেওঁৰ আগন্তুক ছবি “ছপাক” ৰ প্ৰমোচনত ব্যস্ত হৈ পৰিছে। “এচিড এটেক” ৰ পৰা নিজৰ জীৱন বচোৱা সাহসী লক্ষ্মী আগৰৱালৰ জীৱন কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “ছপাক” ৰ কাহিনীভাগ।

উক্ত ছবিখন চলিত মাহৰ ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব। কিন্তু, তাৰ আগেয়ে দীপিকা পাডুকনে ৫ জানুৱাৰীত নিজ জন্মদিন উদযাপন কৰিব। ব্যতিক্ৰমী ধৰণেৰে নিজ ৩৪ সংখ্যক জন্মদিন উদযাপন কৰিব অভিনেত্ৰী গৰাকীয়ে।

কোনো ধৰণৰ “গ্ৰেন্ড পাৰ্টী” ৰ আয়োজন নকৰে দীপিকা পাডুকনে। এইবাৰৰ জন্মদিনটো তেওঁ “এচিড এটেক” ৰ দ্বাৰা জৰ্জৰিত মহিলাসকলৰ সৈতে উদযাপন কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি অনুসৰি, অভিনেত্ৰী গৰাকী লক্ষ্ণৌ স্থিত “শীৰোজ কেফে” ত উপস্থিত থাকিব; যি কেফে এচিডৰ এটেক মহিলা সকলে চলায়।
1 comment