নৱবৰ্ষত নৱপ্ৰজন্মৰ কন্ঠশিল্পী লগতে ভিডিঅ’ পৰিচালক অৱিনাশ ভূঞাৰ ব্যতিক্ৰমী ও ন-প্ৰচেষ্টা। বিগত ২০১৮ বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি “বৰনদী ভটিয়ায়” ত সন্নিৱিষ্ট “তোমাৰেনো বিৰহত” গীতটিৰ পৰা জনপ্ৰিয়তা লাভ কৰা শিল্পী গৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। কন্ঠদান কৰাৰ লগতে তেওঁ কেইবাটাও গীতত ভিডিঅ’ পৰিচালনাৰ কামো কৰিছে।

প্ৰাচুয্য বৰগোঁহাইৰ কন্ঠত আগন্তুক এটি গীত “স্পন্দন” ত ভিডিঅ’ পৰিচালকৰ দায়িত্ব আছে অৱিনাশ ভূঞা। গোৱাত শ্বুটিং সম্পন্ন হোৱা এই গীতটিৰ টিজাৰে বৰ্তমান আকৰ্ষিত কৰি তুলিছে দৰ্শকক। পূৰ্বতকৈ নতুন চিন্তাধাৰাৰ সৈতে গীতটিৰ ভিডিঅ’ পৰিচালনা কৰা দেখিবলৈ পোৱা গৈছে। তলত চাওঁক গীতটিৰ টিজাৰঃ
Add comment