বহু প্ৰত্যাশিত গীত “বাজাজ স্কুটাৰ” ৰ ভিডিঅ’টিয়ে আজি লাভ কৰিব মুক্তি। আজি দুপৰীয়া ৪ বজাত কন্ঠশিল্পী ৰাকেশ ৰিয়ানে তেওঁৰ নতুন গীতৰ ভিডিঅ’টি মুকলি কৰি দিব ৰাইজৰ মাজত। যোৱা কেইবাদিনো ধৰি কন্ঠশিল্পী গৰাকীয়ে গীতটিৰ ভিডিঅ’ শ্বুটিঙৰ বিভিন্ন ফটো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছিল।


গীতটিত ৰাকেশৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। লগতে, গীতটিৰ ভিডিঅ’টিত জনসাধাৰণে দেখিবলৈ পাব টেলিভিছন জগতৰ জনপ্ৰিয় চৰিত্ৰ “মুকুতা” ত অভিনীত অশ্বিনী ডেকাক।
Add comment