নিজৰ প্ৰায় সকলোবোৰ গীতেৰে শ্ৰোতাৰ হৃদয় জিনা ভৃগু কাশ্যপে নৱবৰ্ষৰ আৰম্ভণি কৰিছে আকৌ এক ন-গীতেৰে। বহু দিনৰ পৰাই তেওঁ নিজৰ গীত “মণি বৌ” ক লৈ চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল।

এনে ক্ষেত্ৰতে, কন্ঠশিল্পী গৰাকীয়ে ইতিমধ্যে জনালে তেওঁৰ এই গীতটিৰ মুক্তিৰ তাৰিখে। চলিত মাহৰ ১১ তাৰিখে মুক্তি পাবলগীয়া এই গীতটোত ভৃগু কাশ্যপৰ সৈতে অভিনয় কৰিছে তেওঁৰ প্ৰেয়সী প্ৰিয়ম পল্লৱীয়ে।

আনহাতে “মণি বৌ” গীতটি লিখিছে সুনীত গগৈয়ে লগতে ইয়াত সংগীত পলাশ গগৈৰ আৰু সুৰ শৰৎ মেছৰ।
Add comment