অসমীয়া সংগীত জগতত এনে বহু কন্ঠশিল্পী আছে যাৰ দুই-তিনিটা গীত মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ উঠে তেওঁৰ কন্ঠ। তেওঁৰ কন্ঠৰ অনুৰাগীও হৈ পৰে বহু লোক। তেনে এগৰাকী কন্ঠশিল্পী হৈছে ৰাজশ্ৰী শইকীয়া। ২০১৫ চনত মুক্তিপ্ৰাপ্ত “লাহি হালে জালে” শীৰ্ষক গীতটিৰ দ্বাৰা সংগীত জগতত খোজ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত “কথা এটি” শীৰ্ষক গীতটিয়েও লাভ কৰিছে দৰ্শকৰ বহুল সমাদৰ।

আকৌ এবাৰ তেওঁৰ কন্ঠত মুক্তি লাভ কৰিছে আন এটি গীত “ভাবি নাপাং”। বিহু সুৰীয়া এই গীতটি লিখাৰ লগতে পৰিচালনা কৰিছে অপূৰ্বজ্যোতি মোহনে লগতে ইয়াত সংগীত দিছে পুলক নাথে।
Add comment