বলীউড ক্ষেত্ৰখনত ধীৰ গতিৰে হ’লেও নিজ কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে অভিনেত্ৰী নৰা ফাতেহীয়ে। যোৱা কিছুদিনৰ পৰা নৰা ফাতেহীক কেইবাটাও “আইটেম চং” ত নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতেই পোন প্ৰথমবাৰৰ বাবে আগন্তুক ছবি “ষ্ট্ৰীট ডেন্সাৰ থ্ৰী-ডি” ত তেওঁ অভিনয় কৰাৰ সুবিধা লাভ কৰিছে।


এক সংবাদ অনুসৰি, অভিষেক দূধেয়াৰ দ্বাৰা নিৰ্দেশনাত নিৰ্মিত “ভূজঃ দা প্ৰাইড অৱ ইণ্ডিয়া” ছবিখনত পৰিণীতি চোপ্ৰাৰ সলনি অভিনয় কৰিব নৰা ফাতেহীয়ে। ছবিখনত প্ৰথমে পৰিণীতি চোপ্ৰাক এগৰাকী “স্পাই” চৰিত্ৰত দেখিবলৈ পোৱা যাব বুলি কোৱা হৈছিল যদিও অভিনত্ৰী গৰাকীৰ সময়ৰ অভাৱৰ বাবে তেওঁ ছবিখনত কাম কৰিবলৈ নাকচ কৰে;ফলত ছবিখনত উক্ত চৰিত্ৰটো ৰূপায়ন কৰিব নৰা ফাতেহীয়ে।

চলিত মাহৰ ১২ তাৰিখৰ পিছৰ পৰাই আৰম্ভণি কৰা হ’ব ছবিখনৰ শ্বুটিং। এই শ্বুটিঙ ১৫ দিনীয়া হ’ব। নৰাৰ বাহিৰেও এই ছবিখনত কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণ, সোণাক্ষী সিনহা, সঞ্জয় দত্ত আৰু ৰাণা দগ্গুবতীয়ে।
1 comment