নৱপ্ৰজন্মৰ এগৰাকী কন্ঠশিল্পী; চকুত অযুত সপোন লৈ নিজ ব্যতিক্ৰমী সৃষ্টিৰে আগবঢ়াৰ হেঁপাহ শিল্পী গৰাকীৰ। তেওঁৰ ন-সৃষ্টি মুক্তিৰ পূৰ্বেই খলকনি লগাইছে বৰ্তমান চচিয়েল মিডিয়াত। এই শিল্পী গৰাকীৰ নাম হৈছে প্ৰাচুৰ্য্য বৰগোঁহাই।

নৱপ্ৰজন্মৰ প্ৰতিভাৱান এইগৰাকীৰ শিল্পীৰ সৈতে ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি পাতিছিলো কিছু কথা। চাওঁচোন আহকঃ
প্ৰশ্নঃতুমি কন্ঠদান কৰা প্ৰথমটো গীতে মুক্তি পোৱাৰ আগতেই শ্ৰোতাক আকৰ্ষণ কৰিছে; ইয়াক লৈ তোমাৰ অনুভৱ কেনেকুৱা?
প্ৰাচুৰ্য্যঃ অনুভৱ বুলি ক’লে মোৰ প্ৰথমতে ভয় লাগিছিল আৰু বৰ্তমানেও সেই ভয় মোৰ মনত আছে। কিয়নো, গীতটোৰ সৈতে জড়িত আমাৰ গোটেই টিমটোৱে ৰাইজৰ ইমান সঁহাৰি পাব বুলি আশাও কৰা নাছিল।
আছলতে, মই বিশেষকৈ জড়িত বিহুৰ লগতহে; যদিও আগতেও নিজৰ কন্ঠত গানৰ কাম কৰিছিলোঁ কিন্তু মুকলি (Release) কৰি দিবলৈ সাহস হোৱা নাছিল লগতে তাৰ কোৱালিটীও বৰ ভাল নাছিল। ইয়াৰ উপৰিও, মুকলি কৰি দিয়া ক্ষেত্ৰত বিভিন্ন বাধা-বিঘিনি, ঠগ-প্ৰবঞ্চনাৰো সন্মুখীন হ’বলগীয়াত পৰিছিলো।

কিন্তু এনেক্ষেত্ৰত কিছুমাহৰ আগত লগ পোৱা অবিনাশ দাৰ কথা মই উল্লেখ কৰিবয়ে লাগিব কিয়নো তেওঁয়ে মোক আগুৱাই যাবলৈ উৎসাহ আৰু প্ৰেৰণা দিছে ৷
মোৰ আগন্তুক গীত “স্পন্দন” হৈছে মোৰ প্ৰায় দুবছৰ আগতে সাঁচি ৰখা এক সপোন বা অনুভূতি। মোৰ সপোনৰ “স্পন্দনে” ই আজি বাস্তৱত পৰিণত হৈ ৰাইজৰ মৰম তুলিবলৈ সক্ষম হৈছে ৷ লগতে এই প্ৰকল্পটোৰ সৈতে জড়িত সকলোলৈকে মই ৰূপালী পৰ্দাৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ যিদৰে গীতটিৰ টিজাৰটো ৰাইজে আদৰি লৈছে তেনেকৈ আমাৰ অডিঅ’ আদৰি ল’লে আমি উৎসাহ পোৱাৰ লগতে ভবিষ্যতে ভাল কাম কৰি যাবলৈ সাহস পাম৷

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আগবাঢ়িবলৈ আৰু কি কি নতুন পৰিকল্পনা আছে?
প্ৰাচুৰ্য্যঃ সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়িবলৈ পৰিকল্পনা বহু খিনি আছে; চাওঁচোন বৰ্তমান কিমান দূৰ আগবাঢ়িব পাৰো। তাৰ ভিতৰত, বিশেষকৈ অসমৰ বিহুৰ লগতে গাওঁৰ নিভাঁজ ৰীতিনীতিক বিভিন্ন প্ৰেক্ষাপটত কিদৰে উপস্থাপন কৰিব পৰা যায় তাৰেই পৰিকল্পনা কৰিছো।

প্ৰশ্নঃ অসমীয়া গীতত প্ৰথমবাৰৰ বাবে হয়টো জনসাধাৰণে গোৱাৰ দৃশ্যাংশ দেখিবলৈ পাব। গীতটোৰ বাবে গোৱাক বাচি লোৱাৰ কিবা বিশেষ কাৰণ??
প্ৰাচুৰ্য্যঃ প্ৰথম কথা, গীতটোৱে যিটো বিচাৰিছে আমি সেইটো দিবলৈ চেষ্টা কৰিছো। অসমীয়া গীতবোৰত প্ৰায় আমিবোৰে ছিলং নাইবা টাৱাং আদি ঠাই দেখি আহিছো। গতিকে, অসমীয়া ৰাইজে যিহেতু এনেবোৰ ঠাই দেখিছেই সেইকাৰণে আমি আৰু অকণমান দূৰলৈ গৈ নতুন বছৰত ৰাইজক নতুনত্ব দিবলৈ চেষ্টা কৰিছো।
…… প্ৰাচুৰ্য্যৰ কন্ঠত তেওঁৰ নতুন গীতটিৰ বিষয়ে অধিক জানিবলৈ লগতে ৰূপালী পৰ্দাত তেওঁৰ কন্ঠত “স্পন্দন” শুনিবলৈ তলত দিয়া অডিঅ’টি শুনকঃ
Add comment