Rupaliparda.com
"বীৰে ডি ৱেডিংগ" ৰ দ্বিতীয়টো সংস্কৰণৰ প্ৰস্তুতি তুংগতঃ 1

“বীৰে ডি ৱেডিংগ” ৰ দ্বিতীয়টো সংস্কৰণৰ প্ৰস্তুতি তুংগতঃ

বিগত দিনত মুক্তিপ্ৰাপ্ত “বীৰে ডি ৱেডিংগ” ছবিখনে জনসাধৰণৰ তথা ছবি সমালোচকৰ পৰা মিশ্ৰিত মন্তব্য লাভ কৰিছিল। ছবিখনৰ কাহিনী তথা “ব’ল্ড” সংলাপৰ বাবে জনসাধাৰণৰ কাষ চাপিছিল এই ছবিখনে। এনেক্ষেত্ৰতে, এই ছবিখনৰ এতিয়া দ্বিতীয়টো সংস্কৰণে মুক্তি লাভ কৰিব বুলি বিভিন্ন ৰিপোৰ্ট যোগে জনোৱা হৈছিল যদিও এই কথাত মোহৰ লগায় অভিনেত্ৰী কৰীণা কাপুৰে।

"বীৰে ডি ৱেডিংগ" ৰ দ্বিতীয়টো সংস্কৰণৰ প্ৰস্তুতি তুংগতঃ 2
"বীৰে ডি ৱেডিংগ" ৰ দ্বিতীয়টো সংস্কৰণৰ প্ৰস্তুতি তুংগতঃ 3


এক সাক্ষাৎকাৰ যোগে এই কথা ব্যক্ত কৰে কৰীণা কাপুৰে। বৰ্তমান “বীৰে ডি ৱেডিং” নিজৰ প্ৰি-প্ৰডাকচনত থকাৰ উপৰিও ছবিখনৰ প্ৰথমটো সংস্কৰণৰ পৰিচালক ৰিয়া কাপুৰো এই ছবিখনক লৈ ব্যস্ত হৈ পৰিছে। কৰীণা কাপুৰ ছবিখনৰ দ্বিতীয়টো সংস্কৰণক লৈ উৎসাহিত হৈ থকা বুলি কোৱাৰ লগতে তেওঁ কয় যে, “ছবিখনৰ প্ৰথমটো সংস্কৰণত মই বহু স্ফূৰ্তি কৰিছিলো আৰু এই স্ফূৰ্তি মই পুনৰ বাৰ কৰিব খুজিম”।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.