Rupaliparda.com
স্মৃতিৰ দলিছাৰ পৰা "মুগল-এ-আজম" 1

স্মৃতিৰ দলিছাৰ পৰা “মুগল-এ-আজম”

কে আছিফৰ দ্বাৰা পৰিচালিত “মুগল-এ-আজম” ছবিখনে ৫৯ বছৰ পূৰ্ণ কৰিলে। প্ৰায় ১৪ বছৰ সময়ৰ পিছত মুক্তিপ্ৰাপ্ত এই ছবিখনত দিলীপ কুমাৰ, মধুৱালাৰ অভিনয়কে ধৰি কে আছিফৰ পৰিচালনা তথা সংগীতে “মুগল-এ-আজম” ক বৰ্তমানেও জীয়াই ৰাখিছে। ছবিখন বনাবলৈ আৰম্ভ কৰা হৈছিল দেশ স্বাধীন হোৱাৰ পূৰ্ৱেই আৰু পিছলৈ ই ১৯৬০ চনত মুক্তি লাভ কৰে।

স্মৃতিৰ দলিছাৰ পৰা "মুগল-এ-আজম" 2


সেই সময়ছোৱাত প্ৰায় ১.৫ কোটি টকা ব্যয়ৰে চিনেমাখন নিৰ্মাণ কৰা হৈছিল; য’ত সেইটো সময়ত ৫-১০ লাখ টকাৰে ছবি নিৰ্মাণ কৰিছিল। ইয়াৰ লগতে, ছবিখনৰ বাবে বিদেশৰ পৰা হাতী,ঘোৰা লৈ অনা হৈছিল । পৰিচালক গৰাকীয়ে উক্ত চিনেমাখনৰ বাবেই নিজৰ সৰ্বস্ব উজাৰি দিছিল।

স্মৃতিৰ দলিছাৰ পৰা "মুগল-এ-আজম" 3


উল্লেখ্য যে, ছবিখনৰ “প্যাৰ কিয়া তো ডৰনা ক্যা” গীতটি মুঠ ১০ লাখ টকা ব্যয়ৰে প্ৰস্তুত কৰি উলিওৱা হৈছিল। প্ৰায় ১০৫ বাৰ গীতটোক অস্বীকাৰ কৰাৰ অন্তত এই গীতটি নসাদ ছাহাবে গ্ৰহণ কৰিছিল।

স্মৃতিৰ দলিছাৰ পৰা "মুগল-এ-আজম" 4
স্মৃতিৰ দলিছাৰ পৰা "মুগল-এ-আজম" 5


মুক্তিৰ পিছতে চিনেমাখনে সফলতা চুমিবলৈ পোৱা নাছিল যদিও পিছলৈ ই পাকিস্তান, ইটলী, জাপান, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু শ্ৰী লংকাত ভিন ভিন ভাষাত মুক্তি লাভ কৰে। ২০০৪ চনত “মুগল-এ-আজম” -এ পুনৰবাৰ ৰঙীণ হয় ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে।

স্মৃতিৰ দলিছাৰ পৰা "মুগল-এ-আজম" 6

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.