Rupaliparda.com
জংকীৰ মৃত্যুবাৰ্ষিকীত বৌয়েক গৰিমাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 1

জংকীৰ মৃত্যুবাৰ্ষিকীত বৌয়েক গৰিমাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ

জংকী বৰঠাকুৰ; জুবিনৰ লগত প্ৰায় মঞ্চত দেখিবলৈ পোৱা গৈছিল জংকীক। ভাতৃ-ভগ্নীৰ এই যুঁটিটো পচন্দৰো আছিল সাধাৰণ জনৰ। জংকীৰ কন্ঠৰ অনুৰাগী আজিৰ তাৰিখতো যথেষ্ট। তেওঁ কন্ঠদান কৰা প্ৰত্যেকটা গীত আজিও চিৰসেউজ। জংকীয়ে তেজপুৰৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি উভতি অহা সময়ত এক দূৰ্ঘটনাৰ মুখামুখি হয় আৰু অৱশেষত মৃত্যুক সাৱটিব লগীয়াত পৰে। ২০০২ চনত সংঘটিত এই ঘটনাটোৰ পিছত জুবিন গাৰ্গে তেওঁৰ ভগ্নীৰ স্মৃতিত “শিশু” এলবামটো মুকলি কৰে।

জংকীৰ মৃত্যুবাৰ্ষিকীত বৌয়েক গৰিমাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 2
https://www.instagram.com/p/B7K9G0vhmt5/?igshid=6mo63dgv169k


জংকীক মনত পেলাইয়ে আজি তেওঁৰ ১৮ তম মৃত্যু বাৰ্ষিকীত বৌয়েক গৰিমাই এক পোষ্টৰ জৰিয়তে নিজৰ মনৰ কথা ব্যক্ত কৰে। জংকীৰ সৈতে কটোৱা ক্ষণক আকৌ এবাৰ জীয়াবলৈ ইচ্ছা প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে।

জংকীৰ মৃত্যুবাৰ্ষিকীত বৌয়েক গৰিমাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 3


জংকীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ যাঁচিছো ৰূপালী পৰ্দাৰ ফালৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলী।

Add comment

Leave a Reply