Rupaliparda.com
"স্পন্দন" ৰ শুভমুক্তিঃ আকৰ্ষিত দৰ্শক- 1

“স্পন্দন” ৰ শুভমুক্তিঃ আকৰ্ষিত দৰ্শক-

মুক্তি লাভ কৰিলে প্ৰাচুৰ্য্য বৰগোঁহাইৰ কন্ঠত প্ৰথমটি গীত “স্পন্দন”। গীতটিৰ টিজাৰটিয়ে ইতিমধ্যে দৰ্শকক বিগত বহু দিনৰ পৰাই আকৰ্ষিত কৰি ৰাখিছিল। দুবছৰীয়া পৰিকল্পনাক তথা সপোনক বাস্তৱত ৰূপায়িত কৰাত প্ৰাচুৰ্য্য সফল বুলি ক’ব পৰা যায়। অসমীয়া গীতৰ পৰা একঘেয়ামিতা আঁতৰাই এক নতুনত্ব অনাৰ চেষ্টা কৰা হৈছে “স্পন্দন” ত।

"স্পন্দন" ৰ শুভমুক্তিঃ আকৰ্ষিত দৰ্শক- 2


গোৱাত দৃশ্যগ্ৰহণৰ কাম সম্পন্ন হোৱা এই গীতটিত ভিডিঅ’ পৰিচালক অবিনাশ ভূঞাৰ পৰিচালনা একেবাৰেই নিঁখুট। আনহাতে, “স্পন্দন” ত সংগীত দিছে ধ্ৰুৱ ঠাকুৰীয়াই লগতে ইয়াৰ কথা-সুৰ মৃত্যুঞ্জয় কাকতিৰ।

Add comment

Leave a Reply