Rupaliparda.com
জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 1

জয় ওৰফে ৰাতুলৰ জন্মদিনঃ

প্ৰত্যেকখন ঘৰত টি.ভি ত কি চোৱা হ’ব তাক লৈ এবাৰ হ’লেও ৰিমোটৰ বাবে এখন কাজিয়া হয়েই। এনেস্থলত ধাৰাবাহিক সমূহৰ বাবে মা, আইতা, পেহী, মাহী সকলে সময়ৰ আগতেই আহি টি.ভি ৰ আগত বহি থকা কিছু ঘটনা দেখিবলৈ পোৱা যায়। ধাৰাবাহিকৰ কথা কওঁতে; এখন ধাৰাবাহিকৰ নাম উল্লেখ কৰিবই লাগিব। সেইখন হৈছে “তোমাৰ মৰমে মোক”; ধাৰাবাহিকখনৰ কাহিনী তথা শিল্পীৰ অভিনয়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ আজুৰিবলৈ সক্ষম হৈছে। এই ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত ৰাতুল শৰ্মাই আজি উদযাপন কৰিছে তেওঁৰ জন্মউৎসৱ।

জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 2


কটন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত ভাষাত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এই গৰাকী অভিনেতাই অভিনয়ৰ বাবে লোৱা নাছিল কোনো আনুষ্ঠানিক শিক্ষা। অভিনয়ৰ প্ৰতি ৰাপ থকা স্বত্বেও তেওঁ পোৱা নাছিল অভিনয়ৰ জখলাডাল; য’ত বগাই তেওঁ পালেহেঁতেন নিজৰ গন্তব্য স্থান। কিন্তু, কষ্ট কৰোতাই কোনো দিন হাৰি নাযায়; আৰু পিছত হ’লেও ৰাতুল শৰ্মাই লাভ কৰিলে অভিনয়ৰ সুযোগ।

জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 3
জয় ওৰফে ৰাতুলৰ জন্মদিনঃ 4

এই গৰাকী অভিনেতাক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো তেওঁৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.