Rupaliparda.com
১৭ জানুৱাৰীত মুকলি "গৰু" ৰ গীতঃ 1

১৭ জানুৱাৰীত মুকলি “গৰু” ৰ গীতঃ

হিমাংশু প্ৰসাদ দাসৰ প্ৰত্যেকটো সৃষ্টিয়ে খলকনি লগায় চচিয়েল মিডিয়াত। তেওঁৰ সৃষ্টি সমূহৰ প্ৰচাৰ ইমানেই ব্যতিক্ৰমী যে; ইয়াক লৈ আকৰ্ষিত হয় পৰে দৰ্শক সকল। ধাৰাবাহিক “বকুলতলৰ আদালত” ত জড়িত হৈ থকাৰ লগতে হিমাংশু প্ৰসাদ দাসৰ আগন্তুক ছবি “গৰু” য়ে মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

১৭ জানুৱাৰীত মুকলি "গৰু" ৰ গীতঃ 2


চাহজাহানৰ “গৰু” উপন্যাস খনৰ কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে ছবিখন। চলিত মাহৰ ২৪ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ গীত সমূহক মুকলি কৰা হ’ব ১৭ জানুৱাৰী তাৰিখে।

১৭ জানুৱাৰীত মুকলি "গৰু" ৰ গীতঃ 3
১৭ জানুৱাৰীত মুকলি "গৰু" ৰ গীতঃ 4


“গৰু” ছবিখনত সন্নিৱিষ্ট সংগীতত কন্ঠদান কৰিছে অংগৰাগ পাপন মহন্ত, দীক্ষু তথা নীল আকাশে। লগতে, ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে। চিনেমাখনৰ আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.