Rupaliparda.com
আগন্তুক মাহৰ পৰা "ৰঘুপতি" গুৱাহাটীতঃ উৎসাহিত অভিনেতা ৰবি- 1

আগন্তুক মাহৰ পৰা “ৰঘুপতি” গুৱাহাটীতঃ উৎসাহিত অভিনেতা ৰবি-

অসমীয়া ছবি সমূহক লৈ এতিয়া এক অইন দৃষ্টিভংগীৰ সৃষ্টি হৈছে দৰ্শকৰ মাজত। অসমীয়া ছবিপ্ৰেমী ৰাইজে এতিয়া ইখনৰ পিছত সিখনকৈ ভাল ছবি দেখিবলৈ পাইছে বুলি একাষাৰে কৈ দিলেও ভুল নহ’ব; ইয়াৰ উদাহৰণ আপোনালোকে “কাঞ্চনজংঘা” তথা “ৰত্নাকৰ” ৰ পৰা ইতিমধ্যে পাইছে।

আগন্তুক মাহৰ পৰা "ৰঘুপতি" গুৱাহাটীতঃ উৎসাহিত অভিনেতা ৰবি- 2


জুবিন গাৰ্গ, যতীন বৰাৰ পিছত এইবাৰ ৰবি শৰ্মাই আৰম্ভ কৰিছে তেওঁৰ পৰিচালনাত নিৰ্মিত ছবি “ৰঘুপতি” ৰ শ্বুটিং। চচিয়েল মিডিয়াত ছবিখনৰ শ্বুটিং ৰ সময়ছোৱাৰ বিভিন্ন পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছে। গোলাঘাটত শ্বুটিং শেষ কৰি “ৰঘুপতি” ছবিখনে আগন্তুক ফ্ৰেব্ৰুৱাৰী মাহৰ শেষৰ পিনে গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত শ্বুটিং আৰম্ভ কৰিব।

আগন্তুক মাহৰ পৰা "ৰঘুপতি" গুৱাহাটীতঃ উৎসাহিত অভিনেতা ৰবি- 3


“ৰঘুপতি” ছবিখনে ইতিমধ্যে দৰ্শকৰ মনত এক উৎসাহৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, উক্ত ছবিখনৰ কেতবোৰ দৃশ্যত হোৱা খৰচৰ মূল্যই হৈছে ৩ লাখ টকা। ইয়াৰ উপৰিও, ৰবি শৰ্মা, প্ৰীতিকংকনা, অৰুণ নাথকে ধৰি কেইবাজনো ন-পূৰণি অভিনেতা-অভিনেত্ৰীক অন্তৰ্ভূক্ত কৰা হৈছে এই ছবিখনত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.