অসমীয়া ছবিৰ এক শুভ যাত্ৰা। জুবিন, যতীন, ৰবি শৰ্মাৰ পিছত এইবাৰ দৰ্শকৰ মাজলৈ আহি আছে প্ৰস্তুতি পৰাশৰৰ পৰিচালনাৰে ছবি “ৰাজকুমাৰী”। প্ৰস্তুতিৰ দমদাৰ লুক পুনৰ বাৰ দেখিবলৈ পোৱা যাব ছবিখনত। ইয়াত প্ৰস্তুতিৰ সৈতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰিম্পী দাস লগতে উৎপল দাসে।


ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছতেই ছবিখনক লৈ উৎসাহিত হৈ পৰিছে দৰ্শক সকল। থিয়েটাৰ জগতৰ জনপ্ৰিয় মুখ অভিজিৎ ভট্টাচাৰ্য্যৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপেৰে নিৰ্মিত “ৰাজকুমাৰী” ৰ মুক্তিৰ তাৰিখ বৰ্তমানেও জনোৱা হোৱা নাই।

ছবিখনৰ আন কেইটিমান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অৰুণ নাথ, অপৰ্ণা দত্ত চৌধুৰী,সুকুমাৰ বৰ্মন, প্ৰীতম বৰুৱা, বিভূতি ভূষণ হাজৰিকা আৰু ককীল শইকীয়াই।
1 comment