Rupaliparda.com
সম্পৰ্কৰ দৃঢ় বান্ধোনেৰে "বান্ধোন"- 1

সম্পৰ্কৰ দৃঢ় বান্ধোনেৰে “বান্ধোন”-

জনপ্ৰিয় “বিধাতা” ধাৰাবাহিকৰ পিছত আকৌ এবাৰ বাপা আহমেদৰ পৰিচালনাৰে আহি আছে ধাৰাবাহিক “বান্ধোন”। নৱবৰ্ষত সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিক সমূহৰ ভিতৰত “বান্ধোন” হৈছে উল্লেখযোগ্য; কিয়নো উক্ত ধাৰাবাহিকখনত কেইবাগৰাকীও জনপ্ৰিয় শিল্পীক অন্তৰ্ভূক্ত কৰা হৈছে। দীৰ্ঘদিনৰ পৰাই এই ধাৰাবাহিক খনক লৈ বিভিন্ন পোষ্ট চচিয়েল মিডিয়াত দিয়া দেখিবলৈ পোৱা গৈছিল।

View this post on Instagram

Bandhun..a new mega serial …coming soon

A post shared by Gitawali Rajkumari official (@gitawalirajkumari) on


ধাৰাবাহিকখনৰ ট্ৰেইলাৰৰ দ্বাৰা দৰ্শকে ইয়াৰ কাহিনীৰ সম্যক আভাষ ইতিমধ্যে লাভ কৰিছে । মৈত্ৰেয়ী গোস্বামীৰ কাহিনীৰে নিৰ্মিত এই ধাৰাবাহিক খনত অভিনয় কৰিছে গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, দ্বীপন গোস্বামী, মুনমী কলিতা, পংকজ পূজাৰী, কংকী বৰদলৈ, দেৱাশিস বৰঠাকুৰ, অৰ্চনা পূজাৰী, অশ্বিনী ভূঞা, ৰূপম বৰুৱা, অমল বৰুৱা, অনন্যা কাশ্যপ, ৰুমা কলিতা, নীলিম দত্ত, কিশোৰ দাস, ফ্ৰেংকী বৰুৱা, যতীন্দ্ৰ নাথ খনিকৰ, বিজয় শংকৰ শইকীয়া, কমল ৰেৱতী, মণিকা ভৰালী আৰু অজন্তা বৰুৱাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.