Rupaliparda.com
বিহুক আদৰণি গীতালীৰ নতুন "বিহু" ৰেঃ 1

বিহুক আদৰণি গীতালীৰ নতুন “বিহু” ৰেঃ

অসমীয়াৰ বাপতি সাহোন “বিহু” টোক লৈ সকলোৱে আদৰেৰে বাট চাই ৰয়। মাঘ বিহুত হাঁহে-মাহে এসাঁজ খোৱাৰ বাবে যো-জা কৰে এটা পৰিয়ালৰ প্ৰায় প্ৰত্যকটো সদস্যই। এই বিহুৰ সময়ছোৱাত যেতিয়া এটা “বিহু গীত” শুনিবলৈ পোৱা যায়; তেতিয়া তাৰ আমেজেই হৈ পৰে সুকীয়া।

বিহুক আদৰণি গীতালীৰ নতুন "বিহু" ৰেঃ 2


মাঘ বিহুৰ প্ৰাকক্ষণত কন্ঠশিল্পী গীতালীয়ে শ্ৰোতাৰ বাবে আগবঢ়াইছে এটি বিহু গীত “ফুলচেং”। বিগত “নামদাং” এলবামটিৰ দুটা সংস্কৰণৰ পিছত এইবাৰৰ তৃতীয়টো সংস্কৰণত অন্তৰ্ভূক্ত উক্ত গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।


গীতটিত গীতালীৰ লগতে কন্ঠদান কৰিছে দীক্ষু শৰ্মা আৰু নীল আকাশে। ইউটিউবত মুক্তি লাভ কৰা ২৪ ঘণ্টা নৌহওঁতেই গীতটিত ভিউৱাৰচৰ সংখ্যা হৈছেগৈ প্ৰায় ৮১ হাজাৰতকৈও অধিক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.