Rupaliparda.com
"গংগুবাই" ৰূপী আলিয়াক প্ৰশংসা চিলেব্ৰেটীৰঃ 1

“গংগুবাই” ৰূপী আলিয়াক প্ৰশংসা চিলেব্ৰেটীৰঃ

বলীউডৰ আগন্তুক ছবি “গংগুবাই কাঠিয়াবাড়ী” ত অভিনীত আলিয়াৰ ফাৰ্ষ্ট লুক পোষ্টাৰ যোৱাকালি মুকলি কৰি দিয়া হয়। পোষ্টাৰ মুক্তি পোৱাৰ পিছতেই ই অধিক ভাইৰেল হৈ উঠাৰ লগতে চৰ্চিতও হয়।

"গংগুবাই" ৰূপী আলিয়াক প্ৰশংসা চিলেব্ৰেটীৰঃ 2
"গংগুবাই" ৰূপী আলিয়াক প্ৰশংসা চিলেব্ৰেটীৰঃ 3


সঞ্জয় লীলা ভঞ্চালিৰ উক্ত ছবিখনৰ দুখনকৈ পোষ্টাৰ মুকলি কৰি দিয়া হয়;য’ত এখনত গংগুবাইৰ যৌৱন কালৰ ফটো দিয়া হৈছিল আৰু লগত তেওঁৰ পিষ্টল থকা দেখিবলৈ পোৱা গৈছিল, তাতেই আকৌ আন খনত গংগুবাই যেতিয়া “মাফিয়া কুইন” লৈ পৰিৱৰ্তিত হয় তেতিয়াৰ এখন ফটো দিয়া হয়।

"গংগুবাই" ৰূপী আলিয়াক প্ৰশংসা চিলেব্ৰেটীৰঃ 4


দৰ্শকৰ লগতে এই ছবিখনক লৈ উৎসাহিত হৈ পৰিছে বলীউডৰ চিলেব্ৰিটী সমূহো। ৰণৱীৰ সিং, দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ আৰু অনুষ্কা শৰ্মাই আলিয়াক প্ৰশংসা কৰাৰ লগতে ছবিগৃহত উক্ত ছবিখন চাবলৈ উৎসাহিত হৈ থকা বুলিও মন্তব্য কৰে।

1 comment

Leave a Reply