বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই আজি নিজৰ ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিছে। তেওঁৰ জন্মদিনৰ দিনাই তেওঁৰ আহিবলগীয়া ছবি “শেৰশাহ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হয়। এই ছবিখন ভাৰত-পাকিস্তানৰ মাজত সংঘটিত কাৰ্গিল যুদ্ধৰ পটভূমিত নিৰ্মিত কৰা হৈছে। এই যুদ্ধখনত থকা ভাৰতীয় সেনা পৰমবীৰ চক্ৰ বিজেতা ছহীদ কেপ্তেইন বিক্ৰম বত্ৰাৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ।
“শেৰশাহ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ পৰিচালক ও প্ৰযোজক কৰণ জহৰে নিজ চচিয়েল মিডিয়া একাউন্টত আপলোড কৰে। এই ফটোখনত সিদ্ধাৰ্থক যুদ্ধ ক্ষেত্ৰত থকা দেখিবলৈ পোৱা গৈছে।


বিষ্ণুবৰ্ধনৰ পৰিচালনাত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে কৰণ জহৰে। লগতে, ছবিখনত দেখিবলৈ পোৱা যাব কিয়াৰা আদৱানী আৰু জাৱেদ জাফ্ৰীকো। চলিত বৰ্ষৰ ৩ জুলাই তাৰিখে মুক্তি লাভ কৰিব “শেৰশাহ”।
Add comment