Rupaliparda.com
অসমীয়া চলচিত্ৰৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালালৈ একাঁজলি শ্ৰদ্ধাঞ্জলীঃ 1

অসমীয়া চলচিত্ৰৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালালৈ একাঁজলি শ্ৰদ্ধাঞ্জলীঃ

অসমীয়া চলচিত্ৰ জগত খনত এক উল্লেখনীয় বৰঙণি যোগোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ১৭ জানুৱাৰীত সমগ্ৰ অসমীয়াই শিল্পী দিৱস ৰূপে উদযাপন কৰে। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচিত্ৰ “জয়মতী” নিৰ্মাণ কৰে। একাধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা এই গৰাকী মহান শিল্পীক “ৰূপকোঁৱৰ” বুলিও কোৱা হয়।


অসমীয়া চলচিত্ৰৰ জনক খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত তেওঁলৈ স্মৰণ কৰি বিভিন্ন জন অসমীয়া শিল্পীয়ে শিল্পী দিৱসত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


উল্লেখ্য যে, ১৯৩৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথমখন ছবি “জয়মতী” ৰ শ্বুটিঙৰ বাবে নিজাকৈ ভোলাগুৰি চাহ বাগিছাত “চিত্ৰৱন ষ্টুডিঅ’ স্থাপন কৰে। “জয়মতী” ছবিখন ব্যৱসায়িকভাৱে অধিক সফল নহ’ল বাবেই জ্যোতিপ্ৰসাদে “ইন্দ্ৰমালতী” ছবিখন নিৰ্মাণ কৰে।

অসমীয়া চলচিত্ৰৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালালৈ একাঁজলি শ্ৰদ্ধাঞ্জলীঃ 2


দুখন ছবিৰ লগতে জ্যোতিপ্ৰসাদে ৬ খন সম্পূৰ্ণ নাটক নিৰ্মাণ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform