Rupaliparda.com
অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 1

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ

অসমীয়া চলচিত্ৰ বুলি ক’লেই আমাৰ কিছুমান এনে যুঁটিৰ কথা মনলৈ আহে; যিবোৰৰ অবিহনে অসমীয়া চলচিত্ৰৰ সফলতা আছিল অসম্ভৱ। হঠাৎ লেহেমীয়া হৈ যাব ধৰা অসমীয়া ছবিৰ ধাৰাক জীৱন্ত কৰি তুলিছিল এওঁলোকেই।

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 2


তেনে ৫ টা লেখত ল’বলগীয়া যুঁটি হ’ল-

১. বিজু ফুকন আৰু সুহাসিনী মূলেঃ

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 3


“অপৰূপা” ছবিখনত উক্ত দুয়োগৰাকীকে দেখিবলৈ পোৱা গৈছিল। ছবিখনে ১৯৮৩ চনত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা (ৰজত কমল)ৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰৰ পুৰস্কাৰ লাভ কৰিছিল।

২. জেৰিফা ৱাহিদ আৰু ৰবি শৰ্মাঃ

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 4

…এই শিল্পীদ্বয়ৰ লেখত ল’বলগীয়া ছবি দুখন হৈছে “বুকুয়ে বিচাৰে” আৰু “নায়ক”। উক্তি যুঁটিটোক পচন্দও কৰিছিল বহু দৰ্শকে।

৩. গীতাৱলী ৰাজকুমাৰী আৰু ৰবি শৰ্মাঃ

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 5

“হিয়া দিয়া নিয়া” আৰু “ককাদেউতাৰ ঘৰ জোঁৱাই” ত দেখিবলৈ পোৱা গৈছিল এই দুইগৰাকী অভিনেতা-অভিনেত্ৰীক। ডাঙৰ পৰ্দাত এই দুয়োগৰাকীৰ অভিনয়ে হৃদয় জিনিছিল অসমীয়া দৰ্শকৰ।

৪. যতীন বৰা আৰু বৰষা ৰাণী বিষয়াঃ

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 6


“বিধাতা”, “চেনাই মোৰ ঢুলীয়া” কে ধৰি কেইবাখনো ছবিত একেলগে কাম কৰা এই যুঁটিটোও আছিল অসমীয়া চলচিত্ৰৰ যুঁটি সমূহৰ ভিতৰত অন্যতম।

৫.নিশিতা গোস্বামী আৰু জুবিন গাৰ্গঃ

অসমীয়া চলচিত্ৰৰ কেইটামান উল্লেখনীয় যুঁটিঃ 7


“দীনবন্ধু”, “মন যায়” আদিৰ দৰে ছবিত একেলগে কাম কৰিছিল এই যুঁটিটোৱে। উক্ত দুয়োখন ছবি আজিৰ তাৰিখতো প্ৰিয় বহু দৰ্শকৰ।

অসমীয়া চলচিত্ৰত আপোনাৰো যদি এনে কোনো ভাল লগা যুঁটি তেন্তে আমাক কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform