মুক্তি লাভ কৰিলে চলিত বৰ্ষৰ ১ মে’ ত মুক্তি পাবলগীয়া ছবি “গৰু” ৰ গীত। হিমাংশু দাসৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া গীতসমূহৰ শ্ৰব্য সংকলন। দীৰ্ঘদিনৰ পৰাই আছলতে ছবিখনে চচিয়েল মিডিয়া যোগে মানুহৰ মন-মগজুত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছিল। উক্ত ছবিখনক লৈ উৎসাহিতও হৈ আছিল বহু দৰ্শক।


ছবিখনৰ প্ৰমশ্ব’নেল গীতটিত দীপলিনা ডেকা আৰু মিনিমিয়ে কন্ঠদান কৰাৰ লগতে ছবিখনত অন্তুৰ্ভূক্ত আন এটি গীত “ধিক্কাৰ এই জীৱন” ত কন্ঠদান কৰিছে অংগৰাগ মহন্ত আৰু পৰিচালক হিমাংশু প্ৰসাদ দাসে। আনহাতে, আকৌ আন এটি গীত “চকু মেলি চোৱা” ত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই। চিনেমাখনৰ “পাহি মেলি” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে তৰালী শৰ্মা আৰু নীল আকাশে।
“গৰু” ত বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে।
Add comment