Rupaliparda.com
থিয়েটাৰ ও ধাৰাবাহিক লগতে অসমীয়া ছবিত অভিনীত জনপ্ৰিয় শিল্পী গায়ত্ৰী বৰাৰ জন্মদিনঃ 1

থিয়েটাৰ ও ধাৰাবাহিক লগতে অসমীয়া ছবিত অভিনীত জনপ্ৰিয় শিল্পী গায়ত্ৰী বৰাৰ জন্মদিনঃ

অসমীয়া সাংস্কৃতিক জগতৰ এটা জনপ্ৰিয় নাম গায়ত্ৰী বৰা। ভ্ৰাম্যমাণ জগততো এগৰাকী দক্ষ অভিনেত্ৰী ৰূপে পৰিচিত এই গৰাকী শিল্পী কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকৰ লগতে অভিনয় কৰিছে অসমীয়া ছবিতো। ২০০৪ চনৰ “ফেন খোৱা” নামে ছবিত অভিনয়ৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী অভিনেত্ৰীলৈ ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো তেওঁৰ জন্মদিনৰ অশেষ শুভকামনা।

থিয়েটাৰ ও ধাৰাবাহিক লগতে অসমীয়া ছবিত অভিনীত জনপ্ৰিয় শিল্পী গায়ত্ৰী বৰাৰ জন্মদিনঃ 2
থিয়েটাৰ ও ধাৰাবাহিক লগতে অসমীয়া ছবিত অভিনীত জনপ্ৰিয় শিল্পী গায়ত্ৰী বৰাৰ জন্মদিনঃ 3


গায়ত্ৰী অভিনীত ধাৰাবাহিক ক্ৰমে “বাস্তৱ”, “ভাৰাঘৰ”, “উমাল বুকুৰ হেজাৰ কাহিনী”, “জিলমিল ৰূপালী কিৰণ”, ” এজাক সপোন যেন বৰষুণ”, “দাপোণ”, “শাহু-বোৱাৰী”, “অচিন চিনাকী”, “সেন্দুৰ”, “দেৱী”, “বিধাতা” আদি ধাৰাবাহিক যোগে দৰ্শকৰ যথেষ্ট কাষ চপাৰ লগতে বৰ্তমানলৈ তেওঁ তিনিখনকৈ অসমীয়া ছবিতো অভিনয় কৰে। এই গৰাকী জনপ্ৰিয় ও প্ৰতিভাশালী অভিনেত্ৰীক পুনৰবাৰ তেওঁৰ জন্মদিনৰ জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform