Rupaliparda.com
এতিয়াৰে পৰা নেটফ্লিক্সত "ভিলেইজ ৰকষ্টাৰ" ও "বুলবুল কেন ছিং"- 1

এতিয়াৰে পৰা নেটফ্লিক্সত “ভিলেইজ ৰকষ্টাৰ” ও “বুলবুল কেন ছিং”-

অসমীয়া ছবিৰ গতিধাৰাত এক নতুনত্বৰ বীজ ৰুইছিল পৰিচালক ৰীমা দাসে। বৰ্তমানলৈ নিৰ্মিত তেওঁৰ দুইখন ছবিয়ে ঘৰুৱা দৰ্শককে আদি কৰি আকৰ্ষিত কৰিছিল ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ চলচিত্ৰ সমালোচককো। বিভিন্ন ছবি সমাৰোহত প্ৰদৰ্শিত হৈ দুইখন ছবিয়ে লাভ কৰিছিল প্ৰশংসা।

এতিয়াৰে পৰা নেটফ্লিক্সত "ভিলেইজ ৰকষ্টাৰ" ও "বুলবুল কেন ছিং"- 2
এতিয়াৰে পৰা নেটফ্লিক্সত "ভিলেইজ ৰকষ্টাৰ" ও "বুলবুল কেন ছিং"- 3


“ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলৱ’ৰ্ন” ত ৰীমা দাসৰ “বুলবুল কেন ছিং” ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান। এতিয়া আকৌ এটা সু-খবৰে পৰিচালক গৰাকীক উৎসাহিত কৰি তুলিছে। নেট’ফ্লিক্সত এতিয়াৰ পৰা উপলদ্ধ ৰীমা দাসৰ দুয়োখন ছবি ক্ৰমে “ভিলেইজ ৰকষ্টাৰ” আৰু “বুলবুল কেন ছিং”।

https://www.instagram.com/p/B7V67WDjWc2/?utm_source=ig_web_copy_link


কোনো দৰ্শকে যদি ছবিগৃহত ছবি দুখন উপভোগ কৰিবলৈ সুবিধা লাভ কৰা নাছিল তেতিয়াহ’লে এতিয়াৰে পৰা নেটফ্লিক্সত চাবলৈ পাব এই ছবি দুখন। ইনষ্টাগ্ৰাম যোগে এক পোষ্ট কৰি নিজৰ সুখ ব্যক্ত কৰে পৰিচালক গৰাকীয়ে।

1 comment

Leave a Reply