Rupaliparda.com
আচম্বিত দীপিকাঃ ষ্টিং অপাৰেছনৰ দ্বাৰা ওলোৱা পৰিণামত হতহম্ভ অভিনেত্ৰী- 1

আচম্বিত দীপিকাঃ ষ্টিং অপাৰেছনৰ দ্বাৰা ওলোৱা পৰিণামত হতহম্ভ অভিনেত্ৰী-

অভিনেত্ৰী দীপিকা পাডুকনে বৰ্তমান চৰ্চা লাভ কৰিছে তেওঁৰ ছবি “চাপাক” ক লৈ। ছবিখনত তেওঁ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। এই ছবিখনত অভিনয় কৰা পিছৰে পৰা দীপিকাই এক “ষ্টিং অপাৰেছন” কৰে যাৰ দ্বাৰা তেওঁলোকে নিৰীক্ষণ কৰে যে “এচিড” ক্ৰয় কৰাতো কিমান সহজ। আৰু, ইয়াৰ নিৰীক্ষণৰ দ্বাৰা ওলোৱা পৰিণামে দীপিকাকে ধৰি ছবি খনৰ কৰ্মকতাক আচম্বিত কৰি তোলে।

আচম্বিত দীপিকাঃ ষ্টিং অপাৰেছনৰ দ্বাৰা ওলোৱা পৰিণামত হতহম্ভ অভিনেত্ৰী- 2
আচম্বিত দীপিকাঃ ষ্টিং অপাৰেছনৰ দ্বাৰা ওলোৱা পৰিণামত হতহম্ভ অভিনেত্ৰী- 3


ছবিখনৰ নিৰ্মাণৰ সৈতে জড়িত কলা-কুশলীয়ে এক ভিডিঅ’ শ্বেয়াৰ কৰে য’ত দীপিকাকে ধৰি অইন ছবিখনৰ শিল্পী সকল এখন গাড়ীত বহি থাকে। তাৰ পিছত, তেওঁলোকৰ মাজৰেই অভিনেতা কিছুমানে এচিড ক্ৰয় কৰিবলৈ ওলাই যায়। অভিনেতা সমূহৰ কিছুলোকে যদি প্লামবাৰ হিচাপে গৈছে আনহাতে আকৌ কিছু লোকে বিজনেছমেন,শিক্ষাৰ্থী, মদাহী আৰু গুণ্ডা হৈ গৈও এচিড ক্ৰয় কৰে।


ভিডিঅ’টোত দীপিকাই কয় যে, “যদিহে আপোনাক কোনোৱে প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু আপুনি যদি ইয়াক নাকচ কৰে আৰু যদি ইয়াৰ পিছতেই আপোনাক তেওঁ প্ৰতাৰিত কৰে তেন্তে ইয়াক লৈ আপুনি মাত উঠাওঁক, নিজৰ অধিকাৰৰ বাবে আপুনি যুদ্ধ কৰক।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform