Rupaliparda.com
মাতৃৰ প্ৰতি থকা মৰম দেখি কাৰ্তিকক প্ৰশংসা অনুৰাগীৰঃ 1

মাতৃৰ প্ৰতি থকা মৰম দেখি কাৰ্তিকক প্ৰশংসা অনুৰাগীৰঃ

কাৰ্তিক আৰিয়ন বৰ্তমান তেওঁৰ আগন্তুক ছবি “লৱ আজকল” ৰ বাবে চৰ্চিত হৈ আছে। ইমতিয়াজ আলিৰ পৰিচালনাত নিৰ্মিত এই ৰোমাণ্টিক ছবি খনত কাৰ্তিক আৰিয়নৰ সৈতে মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে সাৰা আলি খানে। ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু ইয়াক দৰ্শকে পচন্দ কৰাও দেখিবলৈ পোৱা গৈছে।

মাতৃৰ প্ৰতি থকা মৰম দেখি কাৰ্তিকক প্ৰশংসা অনুৰাগীৰঃ 2
মাতৃৰ প্ৰতি থকা মৰম দেখি কাৰ্তিকক প্ৰশংসা অনুৰাগীৰঃ 3


আনহাতে, কাৰ্তিক বৰ্তমান ব্যস্ত তেওঁৰ পৰিয়াল বৰ্গৰ সৈতে। কিছুদিন পূৰ্বে যোৱা কাৰ্তিকৰ মাতৃৰ জন্মদিন উপলক্ষে অভিনেতা গৰাকীয়ে মাতৃক এখন গাড়ী (“মিনী কপুৰ”) দিয়া দেখিবলৈ পোৱা যায়। এই গাড়ীখনতেই অভিনেতা গৰাকীয়ে নিজ মাতৃক উঠাই ফুৰাবলৈ লৈ যায়। অনুৰাগী সকলে কাৰ্তিকৰ মাতৃৰ প্ৰতি থকা মৰম দেখি তেওঁক প্ৰশংসাও কৰে।

Add comment

Leave a Reply