অশ্বিনী আয়াৰ তিৱাৰীৰ দ্বাৰা পৰিচালিত ছবি “পংগা” ই ইতিমধ্যে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰিছে। ড্ৰামা, ৰোমাঞ্চ জড়িত ২ ঘন্টীয়া এই ছবিখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছিল বলীউডৰ কুইন কংগনা ৰাণাওঁটে। ছবিখনত অইন গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিছে ক্ৰমে জস্সী গীল, ৰিচা চড্ডা, নীনা গুপ্তা আৰু য়জ্ঞ ভসীনে।


এগৰাকী গৃহিণীৰ সাংসাৰিক দায়বদ্ধতাৰ লগতে তাইৰ নিজস্ব সপোনৰ মাজত যি এডাল সৰু ৰেখা থাকে তাৰ ইফাল-সিফাল হ’বলৈ ভয় কৰে বহুতেই । কিন্তু এই ছবিখনত এগৰাকী গৃহিণীয়ে মাতৃ তথা পত্নীৰ দায়বদ্ধতাৰ লগতে কেনেদৰে নিজৰ সপোন পূৰ কৰে তাকে দেখুওৱা হৈছে। বহু বছৰ ধৰি কাবাডি খেলৰ পৰা আঁতৰি থাকিও কেনেদৰে আকৌ সেই খেলটোলৈ ঘূৰি গৈছিল তাকেই উপস্থাপন কৰা হৈছে “পংগা” ত। ইতিমধ্যে ছবিখনক লৈ বিভিন্ন জনে টুইটাৰত ধনাত্মক বাৰ্তা দিয়া দেখিবলৈ পোৱা গৈছে। চাওঁক এই টুইটবোৰঃ
Add comment