“বেহাৰবাৰী আউটপোষ্ট” ত আৰক্ষী থানাত মোহনে দিয়া চাহকাপ নিশ্চয় সকলোৰে প্ৰিয়। ধাৰাবাহিকখনত থকা তাৰ হোটেলত আড্ডা মাৰিে বহি থকাও দেখিবলৈ পোৱা যায় লোক সকলক। কিন্তু এইবাৰ “ৰীল” নহয়; “ৰিয়েল” লাইফত মোহনে খুলিলে এখন ৰেষ্টুৰেন্ট। ৰেষ্টুৰেন্ট খনত এতিয়া সাধাৰণ জনে বহি খাব পাৰিব সুস্বাদু ব্যঞ্জন।




“মোহন” ওৰফে দীপজ্যোতি কেওঁটৰ নিজ ৰেষ্টুৰেন্টত দেখিবলৈ পোৱা গ’ল জনসাধাৰণ যথেষ্ট ভিৰ। গুৱাহাটী জু-ৰোডৰ সুন্দৰপুৰ স্থিত এই ৰেষ্টুৰেন্ট খোলা হ’ব ৰাতিপুৱা ৭ বজাৰ পৰা। ৫টকীয়া খাদ্যৰ পৰা ৰাইজে ইয়াত খাবলৈ পাব ৫০ টকালৈ বিভিন্ন খাদ্য। ৰেষ্টুৰেন্ট খনৰ নাম হৈছে “গুড মৰ্নিং- লেটছ ষ্টাৰ্ট হেল্থি”।
Add comment