উৎপল দত্তৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত চুটি ছবি “বহুবৃত্ত” ই ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে ৰাইজ তথা দৰ্শকৰ সমাদৰ। কেইবাখনো ছবি সমাৰোহত প্ৰদৰ্শিত হৈ এই ছবিখনে চলচিত্ৰ সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। অসম চৰকাৰৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়া আৰু লেখক স্বপ্না দত্তৰ একে নামৰ কবিতাটিৰ আধাৰত নিৰ্মিত এই ছবিখনে কিছুদিন পূৰ্বে কলিংগ গুৱাহাটী মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নিৰ্বাচিত হৈছিল।


দৰ্শকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৯ মিনিট ৩ চেকেণ্ডৰ এই ছবিখনক ২৫ জানুৱাৰী তাৰিখে এক বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। উক্ত দিনাখন আবেলি ৩ বজাত খানাপাৰাস্থিত এডমিনিষ্ট্ৰেটিভ ষ্টাভ কলেজৰ লাইব্ৰেৰী বিল্ডিঙৰ দ্বিতীয় মহলাৰ প্ৰেক্ষাগৃহত ছবিখন প্ৰদৰ্শিত কৰা হ’ব।

ছবিখন চাবলৈ আগ্ৰহী সকলক উপস্থিত থাকিবলৈ আহ্বান জনায় পৰিচালক উৎপল দত্তই। ইয়াত অভিনয় কৰিছে প্ৰণামী বৰা আৰু উদয়ন দুৱৰা।
Add comment