Rupaliparda.com
আমিৰৰ অনুৰোধত অক্ষয়ে আগবঢ়ালে নিজ ছবিৰ তাৰিখঃ 1

আমিৰৰ অনুৰোধত অক্ষয়ে আগবঢ়ালে নিজ ছবিৰ তাৰিখঃ

আমিৰ খানৰ অনুৰোধত নিজ ছবিৰ তাৰিখ আগবঢ়ালে অভিনেতা অক্ষয় কুমাৰে। আমিৰ খান অভিনীত আগন্তুক ছবি “লাল সিং চড্ডা” য়ে মুক্তি লাভ কৰিব চলিত বছৰৰ খ্ৰীষ্টমাছ ডে’ ৰ দিনা। ছবিখনৰ মুক্তিৰ তাৰিখ জনসাধাৰণক দিয়াৰ লগতে টুইটযোগে অভিনেতা গৰাকীয়ে অক্ষয় কুমাৰ আৰু সাজিদ নাডিয়াডৱালাক ধন্যবাদো জনায়।

https://twitter.com/akshaykumar/status/1221681814076395520


আছলতে,আমিৰ খানৰ উক্ত ছবিখনৰ লগতে অক্ষয় কুমাৰৰ ছবি “বচ্চন পাণ্ডে” ৰো মুক্তিৰ তাৰিখ একেদিনাই আছিল; কিন্তু একেটা তাৰিখতে দুই চুপাৰষ্টাৰৰ ছবি মুক্তি লাভ কৰিলে অনুৰাগী সকলো অসুবিধাৰ সন্মুখীন হ’ব বুলি ভাবিয়ে তাৰিখৰ সাল-সলনি কৰা হয়। অক্ষয়ৰ “বচ্চন পাণ্ডে” মুক্তি লাভ কৰিব অহা বছৰ ২২ জানুৱাৰী তাৰিখে।

আমিৰৰ অনুৰোধত অক্ষয়ে আগবঢ়ালে নিজ ছবিৰ তাৰিখঃ 2


উল্লেখ্য যে, “লাল সিং চড্ডা” ছবিখন হলীউড ছবিৰ ৰিমেক হয়। ইয়াত কৰীণা কাপুৰেও এক উল্লেখনীয় চৰিত্ৰ ৰূপায়ন কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.