Rupaliparda.com
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 1

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন উপলক্ষ্যে ৰচনা কৰা শীৰ্ষ গীতি-কবিতাটিৰ ভিডিঅ’ এলবামটিৰ যোৱা ২৬ জানুৱাৰীত অধিবেশনথলী বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত আনুষ্ঠানিকভাৱে ৰাইজলৈ মুকলি কৰি দিয়া হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 2

অধিৱেশনলৈ অহা লক্ষ লক্ষ ভকত বৈষ্ণৱে বোকাখাত অঞ্চলৰ সামগ্ৰিকভাৱে এক সম্যক ধাৰণা বুকুত বান্ধি লৈ যাব পৰাকৈ অঞ্চলটোৰ সকলো ঐতিহ্য সামৰি উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’ এলবামটি।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 3

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা, কাকচাঙৰ জলপ্ৰপাত, নুমলীগড়ৰ সপ্তদশ শতিকাৰ দেওপাহাৰৰ শৈল-ভাস্কৰ্য আদি পৰ্যটন ক্ষেত্ৰ সমূহৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰি, চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী শ্বহীদ বেজা বৈষ্ণৱ, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ সকলৰ ভিতৰত একে লগে একে ঠাইতে একে সময়তে গুলিয়াই নিহত কৰা সপ্ত শ্বহীদৰ অৱদান, কাৰ্গিল যুদ্ধৰ শ্বহীদ জিন্তুু গগৈ আৰু প্ৰশান্ত শইকীয়া, প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নাম ভুমিকাত অভিনয় কৰা পানিদিহিঙীয়াৰ আইদেউ সন্দিকৈ, ৰাজমাওৰ ভুমিকাত অভিনয় কৰা মহুৰা মুখৰ মোহিনী ৰাজকুমাৰী, তথা বিভিন্ন ঐতিহাসিক সত্ৰ, মঠ, মন্দিৰ, মছজিদ, তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি বোকাখাতৰ এটি চমু আলোকপাত কৰাৰ প্ৰয়াস কৰা শীৰ্ষ গীতি কবিতাটিৰ সামগ্ৰিক পৰিকল্পনা, ৰচনা, পৰিচালনা প্ৰদীপ কুমাৰ বৰাৰ। 

সহযোগী অৰুণ গগৈ, বীৰেন দাস আৰু অনুপ তামুলী। সামগ্ৰিক ব্যৱস্থাপনা প্ৰদ্যুত মহন্তৰ। মুখ্য পৰামৰ্শ দাতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য আৰু গৱেষণা পৰিষদৰ সদস্য শোভন চন্দ্ৰ শইকীয়া, অসম সাহিত্য সভাৰ মাতৃ ভাষা, ৰাজ্য ভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমেন চন্দ্ৰ হাজৰিকা। গীতাংশত কণ্ঠ দান কৰিছে আচুৰ্য বৰপাত্ৰ গোঁহাই, অৰুণ গগৈ, জানমনি ফুকন, অংকিতা লহকৰ আৰু পংখী দত্তই। কবিতা অংশত প্ৰদীপ কুমাৰ বৰা আৰু অৰ্চিমনি বুঢ়াগোহাঁয়ে। সংগীত ব্যৱস্থাপনা জানমনি ফুকন, বীৰেণ দাস, আৰু মাধুৰ্য শইকীয়াৰ আৰু সহযোগিতা কৰিছে বিতোপন গগৈ, আকাশজ্যোতি দাস, বিশ্বজিৎ গগৈ, আৰু মনজিৎ ৰাজবংশী।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 4

বোকাখাতৰ এন বি ডিজিটেলত প্ৰথমিক পৰ্যায়ত নবজিত বৰাই বাণীবদ্ধ কৰা গীতটিৰ আৰ কে ডিজিটেল শিৱসাগৰ নাজিৰা বালিঘাটত চূড়ান্ত বাণীবদ্ধ কৰে ৰাজোত্তম বৰাই। ভিডিঅ’টিৰ চিত্ৰ গ্ৰহণ আৰু সংগ্ৰহ কৌস্তভ জ্যোতি বৰাৰ, সম্পাদনা পাপু ৰহমানৰ। ২৬ জানুৱাৰী তাৰিখে ৰাইজলৈ বুলি আগবঢ়োৱা শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’টিয়ে ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

SOURCE: https://assamtimespost.com/?p=13317

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform