Rupaliparda.com
এঞ্জেলিনা জলীৰ দ্বাৰা অনুপ্ৰাণিত দিশাঃ 1

এঞ্জেলিনা জলীৰ দ্বাৰা অনুপ্ৰাণিত দিশাঃ

দিশা পাটানী বৰ্তমান সময়ৰ এগৰাকী “মাল্টি-টেলেন্টেড” অভিনেত্ৰীৰ মাজৰ এগৰাকী।অভিনেত্ৰী গৰাকীয়ে নিজ আগন্তুক “মলংগ” ছবি খনৰ বাবে এতিয়াৰ পৰাই দৰ্শকৰ ফালৰ পৰা লাভ কৰিছে যথেষ্ট সমাদৰ।ছবিখনত ৰূপায়ন কৰা চৰিত্ৰটোৰ বাবে দিশাই হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি মন্তব্য কৰে।

এঞ্জেলিনা জলীৰ দ্বাৰা অনুপ্ৰাণিত দিশাঃ 2

মোহিট সুৰীৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ বাবে দিশা পাটানীয়ে ৫ মিনিটতে সন্মতি প্ৰদান কৰা বুলি ব্যক্ত কৰাৰ লগতে তেওঁ কয় যে “বহু কম ছোৱালীয়ে “গ্ৰে চৰিত্ৰ” কৰিবলৈ সুবিধা অৰ্জন কৰে আৰু এই সুবিধাটো মই কোনো ক্ষেত্ৰতেই হেৰুৱাব খোজা নাছিলো। মোৰ ভিলেইন বোৰ ভাল লাগে আৰু বেয়া মানুহৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈও ভাল পাওঁ।”

এঞ্জেলিনা জলীৰ দ্বাৰা অনুপ্ৰাণিত দিশাঃ 3

ইয়াৰ লগতে দিশাই কয় যে, “মই এইটো ক্ষেত্ৰত এঞ্জেলিনা জলীক বিৰাট ভাল পাওঁ। “গ্ৰে চৰিত্ৰ” বোৰ ৰূপায়ন কৰাৰ ক্ষেত্ৰত তেওঁয়ে একমাত্ৰ মোৰ ভাল লাগে। তেওঁ এই পৃথিৱীখনৰ আটাইতকৈ মোহনীয় ভিলেইন। মই তেওঁৰ পৰা যথেষ্ট শিকিব পাৰিছো।”

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.