Rupaliparda.com
অভিনেত্ৰী অমৃতাৰ সৈতে নীল আকাশৰ "ইশ্বৰ ঐ"- 1

অভিনেত্ৰী অমৃতাৰ সৈতে নীল আকাশৰ “ইশ্বৰ ঐ”-

“মাছলৈ গৈছিলোং”, “অ’ শকুন্তলা”, “চেনিমাই”, “তোমাৰ উশাহতে “চুমা দিয়ানা” শীৰ্ষক গীতসমূহ; এই আটাইবোৰ গীত অসমৰ সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকজন শ্ৰোতাৰ মুখত শুনিবলৈ পোৱা যাব। উৎসৱ, বিয়া-সবাহ আদি বিভিন্ন ঠাইত হয়টো অসমীয়া দৰ্শকৰ টপ টেনত থাকে এই গীতকেইটি। কষ্ট, সংগ্ৰামৰ জৰিয়তে অসমীয়া সংগীত জগতত খোজ পেলোৱা নীল আকাশৰ বৰ্তমান অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

অভিনেত্ৰী অমৃতাৰ সৈতে নীল আকাশৰ "ইশ্বৰ ঐ"- 2


নিজ কন্ঠৰে শ্ৰোতাৰ হৃদয় জুৰ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কন্ঠৰে “ইশ্বৰ ঐ” শীৰ্ষক এটি নতুন গীতে অতি সোনকালেই মুক্তি লাভ কৰিব। গীতটিক লৈ বৰ্তমান উৎসাহিত তেওঁৰ প্ৰত্যেকজন অনুৰাগী। উক্ত গীতটিৰ ভিডিঅ’ ত নীল আকাশৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। গীতটিক লৈ কৰা পোষ্ট সমূহে এতিয়াৰ পৰা দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.