শ্ৰোতাক থলুৱা বিহু গীতৰ সোঁৱাদ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ যুঁটিয়ে। উক্ত যুঁটিটোৱে দৰ্শকক ইমানেই অধিক আকৰ্ষিত কৰি ৰাখিছে যে তেওঁলোকৰ আহিবলগীয়া প্ৰত্যেকটো গীত তথা তেওঁলোকে পোষ্ট কৰা প্ৰায় আপডেটত কমেন্টৰ সংখ্যা থাকে সৰ্বাধিক। গীতটি সম্পূৰ্ণ ৰূপে মুক্তি লাভ কৰা পূৰ্বেই “টিক-টক” ত ট্ৰেণ্ডিং হৈ পৰে তেওঁলোকৰ গীত।

“বহাগী ২০২০” শীৰ্ষক গীতটি অহা মাহত মুক্তি লাভ কৰা কথা স্পষ্ট কৰে অলংকৃতা আৰু ৰূপাংকৃতাৰ যুঁটিটোৱে। ইতিমধ্যে গীতটিৰ শ্বুটিং সম্পন্ন কৰা হৈছে। উক্ত গীতটি লিখাৰ লগতে সম্পাদনা কৰিছে লোহিত ৰোহিতে। “বহাগী ২০২০” ত “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ সৈতে অভিনয় কৰিছে দুই জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপ আৰু চুমি বৰাই।
Add comment