Rupaliparda.com

বিবাহ বাৰ্ষিকীত পত্নীলৈ অভিনেতা উৎপলৰ প্ৰেমৰ বাৰ্তাঃ

অভিনেতা উৎপল দাসৰ এখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। বিবাহ বাৰ্ষিকীত পত্নীক লৈ দিয়া এক পোষ্টে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া “ধন কুবেৰৰ ধন” ছবিখনৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা এই গৰাকী অভিনেতাই প্ৰথমখন ছবিৰ পৰাই দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈছিল।

https://www.instagram.com/p/B72Un7dBn3m/?utm_source=ig_web_copy_link


তেওঁৰ বিবাহ বাৰ্ষিকীত পত্নীৰ ওচৰত থাকিব নোৱাৰি উৎপল দাসে পত্নীক ক্ষমা বিচৰা লগতে অভিনেতাগৰাকীয়ে পত্নীৰ প্ৰতি থকা ভালপোৱাক উক্ত পোষ্ট যোগে সুন্দৰ ৰূপে ব্যক্ত কৰে।

বিবাহ বাৰ্ষিকীত পত্নীলৈ অভিনেতা উৎপলৰ প্ৰেমৰ বাৰ্তাঃ 1


উল্লেখ্য যে, ৰং চেনেলত প্ৰচাৰিত ধাৰাবাহিক “আঁউসীৰ জোনাক” ত প্ৰত্যেক সোমবাৰৰ পৰা শনিবাৰলৈ দৰ্শকে উৎপল দাসক দেখিবলৈ পায়।

Add comment

Leave a Reply