Rupaliparda.com

“অপৰাজেয়” ৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ বিষয়ে কিছু কথাঃ

অসমীয়া, বাংলা, হিন্দী আৰু মালয়ালম ছবিকে ধৰি বিভিন্ন অন্যান্য আঞ্চলিক ভাষাৰ ছবিত সংগীত পৰিচালক হিচাপে কাম কৰা সলিল চৌধুৰী ভাৰতীয় চলচিত্ৰ জগতৰ এক জনপ্ৰিয় নাম। “পৰিবৰ্তন” কে ধৰি তেওঁ মুঠ ৪১ খন বাংলা ছবিত সংগীত পৰিচালক হিচাপে কাম কৰিছিল। তেওঁৰ অন্তিম খন বাংলা ছবি আছিল ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত “মহাভাৰতী”।

"অপৰাজেয়" ৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ বিষয়ে কিছু কথাঃ 1
"অপৰাজেয়" ৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ বিষয়ে কিছু কথাঃ 2


বাংলা তথা হিন্দী ছবিৰ পিছত সলিল চৌধুৰীয়ে “চিম্মিন” নামে এখন ছবিৰ যোগেৰে মালয়ালম ছবি জগতত প্ৰৱেশ কৰে। তেওঁৰ কৰ্মৰ যদি মুঠ হিচাপত হিচাপ কৰিবলগীয়া হয়; তেন্তে ক’ব পাৰি যে তেওঁ ৭৫ খনৰো অধিক হিন্দী ছবি, ৪১ খন বাংলা ছবি আৰু ২৬ খন মালয়ালম ছবিত সংগীত পৰিচালনা কৰিছে।

"অপৰাজেয়" ৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ বিষয়ে কিছু কথাঃ 3


সলিল চৌধুৰীৰ দ্বাৰা সংগীত পৰিচালিত প্ৰথমখন অসমীয়া ছবি আছিল “অপৰাজেয়”। ১৯৫৮ চনত “মধুমতি” ছবিৰ বাবে তেওঁ ফিল্মফেয়াৰত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰা লগতে ১৯৮৮ চনত তেওঁ সংগীত নাটক একাডেমী পুৰস্কাৰ লাভ কৰে।

Add comment

Leave a Reply