Rupaliparda.com

পূৰণি লুকত দেখি সাৰালৈ অনুৰাগীৰ বিভিন্ন প্ৰশ্নঃ

বলীউড অভিনেত্ৰী সাৰা আলি খানৰ এক ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। প্লেনেৰে যাত্ৰা কৰা সময়ছোৱাত তেওঁ কৰা ধেমালিৰ এক ভিডিঅ’ আপলোড কৰি এতিয়া দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে অভিনেত্ৰী গৰাকীয়ে। অভিনেত্ৰী গৰাকীৰ এই ভিডিঅ’টো বহু দিন পূৰণি; কিয়নো তেওঁৰ এই ভিডিঅ’টোত তেওঁক ওজন থকা এগৰাকী ছোৱালী ৰূপত দেখিবলৈ পোৱা গৈছে।

https://www.instagram.com/p/B72SIOXJkaL/?utm_source=ig_web_copy_link
পূৰণি লুকত দেখি সাৰালৈ অনুৰাগীৰ বিভিন্ন প্ৰশ্নঃ 1


ভিডিঅ’টো আপলোড হোৱাৰ এঘণ্টা পিছতেই ইয়াত ১৪ লাখৰো অধিক ভিউৱাৰচ দেখিবলৈ পোৱা গৈছে। লগতে, উক্ত ভিডিঅ’টোত থকা সাৰাৰ পূৰণি লুকটোৱে দৰ্শকক আচৰিত কৰিও তুলিছে। বিভিন্নজনে কমেন্ট কৰি অভিনেত্ৰী গৰাকীক প্ৰশ্নও কৰিছে যে, “সাৰা, এয়া সঁচাকৈ আপুনিয়ে নে??”

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.