৮০ দশকৰ পৰা বৰ্তমানলৈ যদি আমি অসমীয়া জনপ্ৰিয় অভিনেতা সমূহৰ নাম লওঁ তাৰ ভিতৰত উল্লেখযোগ্য নামটো হ’ব তপন দাসৰ। ১৯৬২ চনত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতাই হাইস্কুল পঢ়ি থকা সময়তে মঞ্চ অভিনেতা হিচাপে যোগদান কৰিছিল।
মঞ্চত অভিনয় কৰি জনপ্ৰিয় হৈ উঠা তপন দাসে প্ৰথম ছবিত অভিনয় কৰে ১৯৮৪ চনত মুক্তি প্ৰাপ্ত পুলক গগৈ দ্বাৰা পৰিচালিত “সেন্দুৰ” ত। অসমীয়া ছবিৰ সমান্তৰালকৈ তেওঁ ভ্ৰাম্যমাণৰ সৈতেও জড়িত হৈ পৰে আৰু ২০১১ চনত তেওঁ ৰাজতিলক থিয়েটাৰত অভিনয় কৰে।
২০১২ চনত “ৰূপকাৰ বঁটা” লাভ কৰা এই গৰাকী অভিনেতাই প্ৰায় ৩০ খন অসমীয়া ছবি আৰু এখন বঙালী ভাষাৰ ছবিত অভিনয় কৰে। বঙালী ভাষাৰ ছবিখনৰ নাম আছিল “একদিন প্ৰতিদিন”।
Add comment