Rupaliparda.com

“ৰাধে” ৰ ক্লাইমেক্সৰ বাবে ছলমানে দিব ৭.৫০ কোটি টকাঃ

“ডবংগ ৩” ৰ পিছত আকৌ এবাৰ ছলমানৰ আহিবলগীয়া ছবি “ৰাধেঃ ইণ্ডিয়াজ মোষ্ট ওৱান্টেড” ৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ছলমান আৰু পৰিচালক প্ৰভূদেৱাই। ছবিখনৰ মুক্তিৰ পূৰ্বেই ইয়াক লৈ উৎসাহিত হৈ আছে দৰ্শক সকল। উল্লেখ্য যে, উক্ত ছবিখনৰ ক্লাইমেক্সৰ বাবে অভিনেতা ছলমান খানে দিব হয়তো ৭.৫০ কোটি টকা।

"ৰাধে" ৰ ক্লাইমেক্সৰ বাবে ছলমানে দিব ৭.৫০ কোটি টকাঃ 1
"ৰাধে" ৰ ক্লাইমেক্সৰ বাবে ছলমানে দিব ৭.৫০ কোটি টকাঃ 2


কিয়নো ২০ মিনিট দৈৰ্ঘ্যৰ হ’বলগীয়া ছবিখনৰ ক্লাইমেক্সটো হ’ব “বাহুৱলী” ছবিখনৰ প্ৰথমটো আৰু দ্বিতীয়টো সংস্কৰণৰ দৰেই। ৰিপোৰ্ট অনুসৰি, উক্ত ক্লাইমেক্সৰ দৃশ্যটো দীঘলীয়া হোৱাৰ উপৰিও তাত দুগৰাকীকৈ জনপ্ৰিয় অভিনেতা ক্ৰমে ছলমান আৰু ৰণদ্বীপ হুড্ডাৰ একশ্বন দৃশ্য দেখিবলৈ পোৱা যাব। এই ছবিখন আগন্তুক বছৰত মুক্তি দিয়া হ’ব।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.