Rupaliparda.com

মুগা সাজেৰে ভূমিয়ে নাচিলে বিহুঃ ফিল্মফেয়াৰৰ প্ৰথমটো প্ৰমো’ৰ মুক্তি-

অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ডক লৈ উৎসাহিত হৈ পৰিছে অসমবাসী। বলীউডৰ সবাতোকৈ বৃহৎ শ্ব’ ৬৫ তম ফিল্মফেয়াৰ গুৱাহাটীৰ আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব। জনপ্ৰিয় তাৰকা-পৰিচালকৰে ভৰি পৰিব গুৱাহাটী মহানগৰী।

মুগা সাজেৰে ভূমিয়ে নাচিলে বিহুঃ ফিল্মফেয়াৰৰ প্ৰথমটো প্ৰমো'ৰ মুক্তি- 1
মুগা সাজেৰে ভূমিয়ে নাচিলে বিহুঃ ফিল্মফেয়াৰৰ প্ৰথমটো প্ৰমো'ৰ মুক্তি- 2


ইতিমধ্যে ফিল্মফেয়াৰক উদ্দেশ্যি এক সুন্দৰ প্ৰমো’ মুক্তি কৰি দিয়া হৈছে। বাপতিসাহোন বিহুৰ বিহু নৃত্যক দেখুওৱা এই প্ৰমো’টোত দেখিবলৈ পোৱা গৈছে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী ভূমি পেডনেকাৰক। মুগা সাজেৰে অভিনেত্ৰী গৰাকীয়েও অইন নাচনীৰ নৃত্যৰ সৈতে তাল মিলোৱা দেখিবলৈ পোৱা গৈছে।


বিগত বৰ্ষৰ ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত চুক্তি সাক্ষৰ হোৱা উক্ত শ্ব’টোৰ প্ৰথমটো প্ৰমো’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ইতিমধ্যে Bookmyshow.com ত ফিল্মফেয়াৰ এৱাৰ্ডৰ টিকেট বুকিঙৰ ব্যৱস্থা উপলদ্ধ কৰা হৈছে। ১ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৩ লাখ টকালৈ টিকেটৰ ব্যৱস্থা কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.