Rupaliparda.com
ভালপোৱাৰ ৰঙীণ ৰঙেৰে ৰাজশ্ৰীৰ "আলসুৱা"- 1

ভালপোৱাৰ ৰঙীণ ৰঙেৰে ৰাজশ্ৰীৰ “আলসুৱা”-

অসমীয়া সংগীত জগতত এনে বহু কন্ঠশিল্পী আছে যাৰ দুই-তিনিটা গীত মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ উঠে তেওঁৰ কন্ঠ। তেওঁৰ কন্ঠৰ অনুৰাগীও হৈ পৰে বহু লোক। তেনে এগৰাকী কন্ঠশিল্পী হৈছে ৰাজশ্ৰী শইকীয়া। ২০১৫ চনত মুক্তিপ্ৰাপ্ত “লাহি হালে জালে” শীৰ্ষক গীতটিৰ দ্বাৰা সংগীত জগতত খোজ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত “কথা এটি” আৰু “ভাৱি নাপাং” শীৰ্ষক গীত দুটিয়েও লাভ কৰিছে দৰ্শকৰ বহুল সমাদৰ।

ভালপোৱাৰ ৰঙীণ ৰঙেৰে ৰাজশ্ৰীৰ "আলসুৱা"- 2


আকৌ এবাৰ তেওঁৰ কন্ঠৰে আহি আছে গীত “আলসুৱা”। গীতটিৰ ভিডিঅ’টিত অভিনয় কৰিছে ৰাজশ্ৰীৰ লগতে অভিনেতা কিশোৰ দাসে। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া পিছতেই অনুৰাগীৰ যথেষ্ট কমেন্ট দেখিবলৈ পোৱা গৈছে। জগত প্ৰতিম ভৰালীৰ কথাৰে এই গীতটিৰ কৰিঅ’গ্ৰাফ কৰিছে ৰূপজ্যোতি চৌধুৰীয়ে।

Add comment

Leave a Reply

Most popular