এগৰাকী অসম সন্তান; বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত। ৰঙিয়াত জন্মগ্ৰহণ কৰা হৰজিতে আগন্তুক শিক্ষাগ্ৰহণ কৰে গুৱাহাটীস্থিত এল.চি.বি কলেজত। গীতত কন্ঠদান কৰাৰ লগতে তেওঁ কেইবাখনো হিন্দী ছবিৰ গীতত “মিউজিক প্ৰডিউচাৰ” লগতে “এডিশ্বনেল মিউজিক প্ৰগ্ৰামাৰ” ৰূপে কাম কৰিছে।


হৰজিৎ দাস নামটো এতিয়াৰ জনসাধাৰণৰ বাবে এক জনপ্ৰিয় নাম। কন্ঠশিল্পী প্ৰাঞ্জল পৰশৰ সৈতে কেইবাটাও গীতত কাম কৰিছে উক্ত শিল্পী গৰাকীয়ে। তেওঁ কৰ্মৰত শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এটি হিন্দী “ৰুলাকে গেয়া ইস্ক তেৰা” শীৰ্ষক গীতটিয়ে ইতিমধ্যে দৰ্শকক বহুল ৰূপত আকৰ্ষিত কৰিছে। “জি মিউজিক কোম্পানী” ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ ইউটিউবত ভিউৱাৰচ ৬০ মিলিয়নৰো অধিক। গীতটিৰ লিংক তলত দিয়া হৈছেঃ
Add comment