মাজত মাত্ৰ কিছু দিন। আগন্তুক ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে গুৱাহাটীস্থিত ইন্দিৰা গান্ধী এথলেটিক অডিত’ৰিয়াত অনুষ্ঠিত হ’ব ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড। বলীউডৰ সবাতোকৈ বৃহৎ এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰকলৈ ইতিমধ্যে গুৱাহাটী বাসী উৎসাহিত হৈ পৰিছে। ২০-৩০ কোটি টকীয়া বাজেটৰ এই শ্ব’টোত উপস্থিত থাকিবলগীয়া তাৰকা সমূহৰ ভিতৰত উল্লেখযোগ্য কেইজন হৈছে শ্বাহৰুখ খান, পৰিচালক ও প্ৰযোজক কৰণ জহৰ, জয়া আখতাৰ তথা ঋত্বিক ৰোশন।

ফিল্মফেয়াৰ এৱাৰ্ড উপভোগ কৰাৰ লগতে নিজ মন-পচন্দৰ তাৰকাক লগ পাবলৈ Bookmyshow.com যোগে দৰ্শকে অনলাইন টিকেট বুকিং কৰিব পাৰে। ১০০০ টকাৰ পৰা আৰম্ভ কৰি ৩ লাখ টকীয়া টিকেটো উপলদ্ধ হৈছে ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে।

বিগত ২০১৯ বৰ্ষৰ ২৫ নৱেম্বৰ তাৰিখে তাজ ভিভান্তাত ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম (এটিডিচি) আৰু দ্যা টাইমছ গ্ৰুপৰ মাজত চুক্তি সাক্ষৰ হয়।
1 comment