Rupaliparda.com
ৰাজনৈতিক নেতাৰ মৈমতালিৰ নগ্ন ৰূপ অসমীয়া ছবি "পাপৰি" তঃ 1

ৰাজনৈতিক নেতাৰ মৈমতালিৰ নগ্ন ৰূপ অসমীয়া ছবি “পাপৰি” তঃ

১৯৮৬ চনত জাহ্নু বৰুৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “পাপৰি”। ১৯৮৩ চনত সংঘটিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছিল উক্ত ছবিখন।

ৰাজনৈতিক নেতাৰ মৈমতালিৰ নগ্ন ৰূপ অসমীয়া ছবি "পাপৰি" তঃ 2
ৰাজনৈতিক নেতাৰ মৈমতালিৰ নগ্ন ৰূপ অসমীয়া ছবি "পাপৰি" তঃ 3


অসম আন্দোলনৰ সময়ছোৱাত তথাকথিত কিছু ৰাজনৈতিক নেতাৰ মৈমতালিয়ে কেনেদৰে এখন সংসাৰৰ সুখ কাঢ়িছিল তাকেই দেখুওৱা হৈছে উক্ত ছবিখনত। মূখ্য চৰিত্ৰ “পাপৰি” সমাজৰ এনে ৰাজনৈতিক পৰিৱেশৰ পৰা আঁতৰি আছিল; যদিও শেষলৈ তাইকো এইবোৰৰ মাজলৈ টানি আনি ধৰ্ষণ কৰি হত্যা কৰা হয় আৰু ইয়াৰ দোষী সাব্যস্ত কৰা হয় তাইৰ নিজৰেই স্বামীক। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।

ৰাজনৈতিক নেতাৰ মৈমতালিৰ নগ্ন ৰূপ অসমীয়া ছবি "পাপৰি" তঃ 4


ছবিখনত অভিনয় কৰিছে গোপী দেশাই, সুশীল গোস্বামী,বিজু ফুকন, চেতনা দাস, হেমেন চৌধুৰী, আব্দুল মজিদ, দুলাল ৰয়, ৰুণজুন আৰু অমূল্য কাকতিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.