Rupaliparda.com

তাপসিৰ মুখত কোনে সোধালে প্ৰচণ্ড “থপ্পড়”??-

“মুল্ক” তথা “আৰ্টিকেল ১৫” ৰ পিছত আকৌ এক গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি নিৰ্মিত অনুভৱ সিন্হাৰ আগন্তুক ছবি “থপ্পড়” ৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ফাৰ্ষ্ট লুক পোষ্টাৰ। ইয়াৰ ট্ৰেইলাৰ মুক্তি পাব অহা কাইলৈ অৰ্থাৎ ৩১ জানুৱাৰী তাৰিখে। পোষ্টাৰ খনৰ লগতেই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা তাপসি পান্নুক এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে। পোষ্টাৰ খনত তাপসিৰ মুখত “থপ্পড়” ৰ চিন ধৰিব পৰা গৈছে।

তাপসিৰ মুখত কোনে সোধালে প্ৰচণ্ড "থপ্পড়"??- 1


চচিয়েম মিডিয়া যোগে তাপসিয়ে পোষ্টাৰ খন আপলোড কৰা লগতে তেওঁ কেপছন লিখে যে, ” এইটো কি এইখিনিয়ে কথা নেকি? কিয় ভালপোৱাত এইবোৰো কৰিব পৰা যায় নেকি??” উল্লেখ্য যে, তাপসিৰ লগতেই ছবিখনত অভিনয় কৰিছে ৰত্না পাঠক শাহ, মানব কোল, দিয়া মিৰ্জা, তনৱী আজমী আৰু ৰাম কাপুৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.