১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ড° ভূপেন হাজৰিকাৰ অন্যতম এখন সংগীতৰ ছবি আছিল “চিকমিক বিজুলী”। পৰিচালনাৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্যৰ আঁৰতো আছিল ড° ভূপেন হাজৰিকা। ছবিখন প্ৰযোজনা কৰিছিল ৰাজশ্ৰী (তাৰাচান্দ বৰজাতা) ৰ কামৰূপ চিত্ৰই।

নাৰী কেন্দ্ৰিক এই ছবিখনৰ মূল চৰিত্ৰ “বিজুলী” ক কেন্দ্ৰ কৰি ঘূৰিছিল ছবিখনৰ কাহিনীভাগ। তথা কথিত ভদ্ৰ লোকৰ অভদ্ৰ আচৰণৰ নগ্ন ছবি উদঙাই দিয়া হৈছিল ছবিখনত জৰিয়তে। উল্লেখ্য যে, “চিকমিক বিজুলী” ত কেইবাখনো হিন্দী চলচিত্ৰ ত অভিনীত শিল্পীয়ে অভিনয় কৰিছিল।

ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছিল বিদ্যা ৰাও, বিজয় শংকৰ, তচদ্দূক ইউচুফ, কুলদা কুমাৰ ভট্টাচাৰ্য, দোষ্ট হবিবৰ ৰহমান আৰু প্ৰশান্ত বৰুৱাই। উল্লেখ্য যে, ড° ভূপেন হাজৰিকাই এই ছবিখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াইছিল।
Add comment