Rupaliparda.com

“নেপাল ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” ত স্ক্ৰীণিঙৰ সুবিধা “মিডনাইট ছ” ৰঃ

“দা ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” বষ্টনত পোনপ্ৰথম বাৰৰ বাবে প্ৰদৰ্শিত কৰা হৈছিল অসমীয়া ছবি “মিডনাইট ছং” ৰ। কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত প্ৰদৰ্শিত হোৱাৰ পিছত আকৌ এবাৰ এই ছবিখনে লাভ কৰিছে আন এক ছবি সমাৰোহত প্ৰদৰ্শিত হোৱাৰ সুবিধা।

"নেপাল ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল" ত স্ক্ৰীণিঙৰ সুবিধা "মিডনাইট ছ" ৰঃ 1


১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’লবগীয়া “নেপাল ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” ত স্ক্ৰীণিঙৰ সুবিধা লাভ কৰিছে “মিডনাইট ছং”_এ। ১৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰদৰ্শিত কৰা হ’ব উক্ত ছবিখন। এই ছবিখনত এটাই মাত্ৰ গীতৰ সংযোজন কৰা হৈছে য’ত গীতটিৰ অসমীয়া সংস্কৰণত কন্ঠদান কৰিছে কন্ঠশিল্পী জুবলিয়ে।


অৰুণজিৎ বৰাৰ পৰিচালনাৰে তথা অপৰাজিতা ভূঞাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত মূখ্য ভূমিকাত অভিনয় কৰিছে অভিনেত্ৰী কল্পনা কলিতাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform