Rupaliparda.com
দীপালি বৰঠাকুৰলৈ দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলিঃ 1

দীপালি বৰঠাকুৰলৈ দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলিঃ

“সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই”, “চেনাই মই যাওঁ” লগতে “বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা” ইত্যাদি গীতক জীৱন দিয়া কন্ঠশিল্পী দীপালী বৰঠাকুৰৰ ৭৯ তম জন্মদিনত তেওঁলৈ শিল্পী দিগন্ত ভাৰতীয়ে যাঁচিলে এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি। শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰা দীপালী বৰঠাকুৰৰ কন্ঠৰ প্ৰত্যেকটো গীত আজিও চিৰসেউজ। কেৱল মাত্ৰ গীতেই নহয়; তেওঁৰ স্বামী নীলপৱন বৰুৱাৰ সৈতে থকা প্ৰেমেও আজি পৰ্যন্ত চৰ্চা লাভ কৰি আহিছে সাধাৰণ জনৰ মুখত।

দীপালি বৰঠাকুৰলৈ দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলিঃ 2


প্ৰথম অৱস্থাত আকাশবাণী গুৱাহাটীত অস্থায়ী শিল্পীৰূপে কাৰ্য্যনিবাহ কৰা দীপালী বৰঠাকুৰে যেতিয়া স্থায়ী শিল্পী ৰূপে মৰ্যাদা লাভ কৰে তেতিয়া তেওঁ পৰিৱেশন কৰা প্ৰথম গীতটি আছিল “বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা।”

https://youtu.be/IATaSVLkDLE


দীপালী বৰঠাকুৰৰ স্মৃতিত অলপতে সংগীতক্ষেত্ৰ খনত নিজ ৩০ বছৰীয়া যাত্ৰা অতিক্ৰম কৰা দিগন্ত ভাৰতীৰ কথা, সুৰ আৰু কন্ঠৰে মুক্তি পালে এটি গীত “কথা ৰাখিলা”। গীতটি প্ৰযোজনা কৰিছে পলাশ সূৰ্য্য গগৈয়ে লগতে ইয়াত দিগন্ত ভাৰতীৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে সংগীতা বৰঠাকুৰে। “কথা ৰাখিলা” গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছে শ্ৰোতাৰ যথেষ্ট সমাদৰ।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.