Rupaliparda.com
আজি সামৰণি ঘটিব "দ্বাদশতম ইন্টাৰনেশ্বনেল গুৱাহাটী ছবি সমাৰোহ" ৰঃ 1

আজি সামৰণি ঘটিব “দ্বাদশতম ইন্টাৰনেশ্বনেল গুৱাহাটী ছবি সমাৰোহ” ৰঃ

যোৱা ৭ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছে দ্বাদশতম ইন্টাৰনেশ্বনেল গুৱাহাটী ফিল্ম ফেষ্টিভেল। গুৱাহাটী চিনে ক্লাৱৰ সৌজন্যত অনুষ্ঠিত এই ফেষ্টিভেল খনৰ বিভিন্ন ছবি প্ৰদৰ্শিত কৰা হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত। কাগাখস্থান, টুৰ্কী, বাংলাদেশকে ধৰি টাঞ্জি, চিক ৰিপ্লাব্লিক আদি স্থানৰ পৰা অহা বিভিন্ন ছবিক প্ৰদৰ্শন কৰা হৈছে উক্ত ছবি সমাৰোহত।

আজি সামৰণি ঘটিব "দ্বাদশতম ইন্টাৰনেশ্বনেল গুৱাহাটী ছবি সমাৰোহ" ৰঃ 2
আজি সামৰণি ঘটিব "দ্বাদশতম ইন্টাৰনেশ্বনেল গুৱাহাটী ছবি সমাৰোহ" ৰঃ 3


১০ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হ’বলগীয়া উক্ত সমাৰোহখনত ১১ খন ফিকচনেল তথা নন-ফিকচনেল ছবি ক্ৰমে “মেইনে গান্ধী কো নহি মাৰা”, “আফ্টাৰ লাইফ”, “থ্ৰী ব্ৰাদাৰ”, “মুষ্টাফা Z”, “তালান”, “পখিলাৰ পাখি” তথা “যি গল্পৰ শেষ নাই” ইত্যাদি ছবিক প্ৰদৰ্শিত কৰা হৈছে। ঊল্লেখ্য যে, গুৱাহাটী চিনে ক্লাৱে এই সমাৰোহখনতেই “চুটি ছবি” প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও প্ৰত্যেকটো বছৰৰ দৰে এইবাৰো গুৱাহাটী চিনে ক্লাৱৰ “চিত্ৰ চিন্তা” নামে এখন আলোচনী মুকলি কৰা হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.