Rupaliparda.com
সামৰণি দিনাই আন্তঃৰাষ্টীয় গুৱাহাটী ছবি সমাৰোহত "যি গল্পৰ শেষ নাই"- 1

সামৰণি দিনাই আন্তঃৰাষ্টীয় গুৱাহাটী ছবি সমাৰোহত “যি গল্পৰ শেষ নাই”-

আজি সন্ধিয়া ৬ বজাত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত প্ৰদৰ্শিত কৰা হ’ব ছবি “যি গল্পৰ শেষ নাই”। দ্বাদশ ইন্টাৰনেশ্বনেল গুৱাহাটী ফিল্ম ফেষ্টিভেলৰ সামৰণিৰ দিনাই প্ৰদৰ্শিত কৰা হ’ব এই ছবিখন। অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে নিৰ্মিত এনথ্ৰলজি ফিল্ম “যি গল্পৰ শেষ নাই” য়ে ইতিমধ্যে বিভিন্ন ছবি সমাৰোহত প্ৰদৰ্শিত হয় দৰ্শক তথা ছবি সমালোচকৰ পৰা লাভ কৰিছে সমাদৰ।

সামৰণি দিনাই আন্তঃৰাষ্টীয় গুৱাহাটী ছবি সমাৰোহত "যি গল্পৰ শেষ নাই"- 2
সামৰণি দিনাই আন্তঃৰাষ্টীয় গুৱাহাটী ছবি সমাৰোহত "যি গল্পৰ শেষ নাই"- 3


তিনিটা ভিন্ন কাহিনীৰে এটা বিষয়বস্তুক প্ৰতিফলিত কৰিব বিচৰা এই ছবিখনৰ তিনিওটা কাহিনীৰে পৰিচালক ভিন্ন। প্ৰথমটি কাহিনী “আধা সত্য” পৰিচালনা কৰিছে প্ৰদ্যুত কুমাৰ ডেকাই লগতে ইয়াৰ দ্বিতীয়টো কাহিনী “এপিতাফ” ৰ পৰিচালক হৈছে প্ৰশান্ত শইকীয়া।

সামৰণি দিনাই আন্তঃৰাষ্টীয় গুৱাহাটী ছবি সমাৰোহত "যি গল্পৰ শেষ নাই"- 4


আনহাতে, ছবিখনৰ তৃতীয়টো কাহিনী “প্ৰশ্নবোধক” ৰ পৰিচালনা কৰিছে উৎপল দত্তই। প্ৰায় ৮০ বছৰীয়া যাত্ৰাৰ শেষত অসমীয়া ছবিত দৰ্শকে এনে বিষয়বস্তুৰ সোৱাঁদ লাভ কৰিবলৈ পাব বুলি ক’ব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.